Scam in Skill Development: ৰঙিয়াত দক্ষতা বিকাশৰ নামত সৰকালে ৮০ কোটি টকা - Fake labour in Skill Development scheme

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 27, 2022, 9:35 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰঙিয়াত অসম চৰকাৰৰ দক্ষতা বিকাশৰ নামত ৮০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in Skill Development at Rangia)। উত্থাপিত অভিযোগ মতে, শ্ৰমিকৰ জলপানীৰ ধন আত্মসাৎ কৰিছে কোম্পানীৰ স্বত্বাধিকাৰীয়ে (Corruption in workers money at Rangia)। আলোক সৰকাৰ নামৰ লোকজনৰ বিৰুদ্ধে এই প্ৰকল্পৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । তেওঁ প্ৰকল্পৰ নিবিদাৰ ধন আত্মসাৎ কৰিছে । আনকি তেওঁ ভুৱা শ্ৰমিকৰ নামতো ধন সৰকাইছে (Fake labour in Skill Development scheme)। উল্লেখ্য় যে অসম চৰকাৰৰ পৰা দক্ষতা বিকাশৰ প্ৰকল্পৰ নিবিদা লাভ কৰিছিল আলোক সৰকাৰে । তেওঁ নিবিদাৰ অধিকাংশ ধন আত্মসাৎ কৰে । এই সন্দৰ্ভত ন্যায় বিচাৰি ইতিমধ্যে যুৱক-যুৱতীসকলে আৰক্ষীৰ কাষ চাপিছে । ইপিনে,আৰক্ষীয়েও ঘটনা সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.