Burmies pepper seized:আৰক্ষীৰ নাকা তালাচীত চাউল আৰু বাৰ্মিজ জালুক জব্দ - অবৈধভাৱে কঢ়িয়াই অনা বাৰ্মিজ জালুক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 24, 2022, 10:25 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত চাউলৰ ট্ৰাকত ওলাইছে বস্তাই বস্তাই অবৈধভাৱে কঢ়িয়াই অনা বাৰ্মিজ জালুক (Burmies pepper seized)। সোমবাৰে খটখটি আৰক্ষীৰ তালাচীত খটখটি নাকা পইণ্টত RJ-19GC-3301 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে 300 বস্তা জালুক ( 300 bags burmies pepper seized at Bokajan)। সৰবৰাহকাৰীয়ে চাউল কঢ়িওৱা ট্ৰাকৰ ওপৰত চাউল আৰু তলত জালুক ৰাখি অবৈধভাৱে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল। খটখটি আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ পৰা 75 বস্তা চাউলৰ লগতে 300 বস্তা জালুক জব্দ কৰাৰ সমান্তৰালভাৱে সৰবৰাহৰ সৈতে জড়িত তিনি সৰবৰাহকাৰীক আটক কৰিছে (3 Smugglers arrested) ৷ আৰক্ষীৰ এই অভিযানত নগদ 350000 টকা আৰু AS-03AG 7707 স্কৰপিঅ’ বাহন এখনো সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰিছে। অধিক তথ্যৰ বাবে খটখটি আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.