Fire broke out: বৰবাৰী পাহাৰত বনজুই - ৰবাৰী পাহাৰত অগ্নিকাণ্ড
🎬 Watch Now: Feature Video

মহানগৰীৰ আপাৰ হেঙৰাবাৰী দেউশাল পথৰ সমীপৱৰ্তী বৰবাৰী পাহাৰত দেওবাৰে পুৱাৰ ভাগত সংঘটিত বনজুইক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ (Fire breaks out near Upper Hengrabari deosal) । জানিব পৰা মতে, পুৱা প্ৰায় ১০ মান বজাত পাহাৰৰ মাটি কাটি কোনো লোকে হাবি-জংঘল চাফ কৰি জ্বলাই দিয়াৰ ফলত বৰবাৰী পাহাৰত জুইৰ সূত্ৰপাত হয় (Fire in forest) । পৰৱৰ্তী সময়ত জুইৰ লেলিহান শিখাই ভয়াবহ ৰূপ ধাৰণ কৰে । ইয়াৰ পিছত প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত উপস্থিত হোৱা তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:17 PM IST