Parineeti-Raghav public appearance: বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত একেলগে দেখা গ’ল পৰিণীতি-ৰাঘৱক - পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়া
🎬 Watch Now: Feature Video


Published : Sep 25, 2023, 5:55 PM IST
চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: যোৱা ২৪ ছেপ্টেম্বৰত উদয়পুৰত বিবাহপাশত আবদ্ধ হয় পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা। ইফালে বিয়াৰ ফটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগী ৷ অৱশেষত অন্তঃ পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ বিয়াৰ এদিন পাচত অৰ্থাৎ আজি পুৱা বিয়াৰ বহুকেইখন ফটো শ্বেয়াৰ কৰে নৱবিবাহিতা দম্পতীয়ে ৷ ইয়াৰ পিচতে অনুৰাগীৰ পৰা আৰম্ভ কৰি বহু চেলিব্ৰিটিয়ে এই দম্পতীক অভিনন্দন জ্ঞাপন কৰে ৷
ইফালে বিবাহৰ পাচত সোমবাৰে স্বামী-স্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয় এই দম্পতী । উদয়পুৰত গ্ৰেণ্ড বিবাহৰ পিচত আজি জয়পুৰত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হোৱা দেখা গ’ল পৰিণীতি-ৰাঘৱক ৷ নাও এখনৰ পৰা নামি তেওঁলোকে পাপাৰাজীৰ সন্মুখত পোজ দিয়ে ৷
এই সময়চোৱাত গোলাপী ৰঙৰ ক্ৰপ টপ আৰু ডেনিম জিন্সৰ ওপৰত গোলাপী ৰঙৰ শ্ব্ৰুগ পৰিধান কৰা দেখা গৈছিল অভিনেতাগৰাকীক । আনহাতে ৰাঘৱক বগা চাৰ্ট আৰু ক’লা স্লেক্স পৰিধান কৰা দেখা গৈছিল ৷