মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - rash mahotsav 2023
🎬 Watch Now: Feature Video
Published : Nov 27, 2023, 6:56 AM IST
মাজুলী, 27 নৱেম্বৰ : দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হৈছে শাৰদীয় ৰাস মহোৎসৱ । উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নদী দ্বীপ মাজুলীত । ইফালে ৰাস মহোৎসৱ উপলক্ষে মাজুলীলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে ৷ বাঁহীৰ সুৰ, খোল-তালৰ মতত মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ ।
প্ৰতি বছৰৰ দৰে এই বছৰো মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত 350 বছৰীয়া গৌৰৱ উজ্জ্বল ৰাস মহোৎসৱ উদযাপন কৰিছে । ৰাসৰ প্ৰথম দিনাই উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ তাৰ পাচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সত্ৰখনত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ পুঁজিৰে নিৰ্মিত এটা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে ।
উক্ত প্ৰেক্ষাগৃহত প্ৰায় 3 হাজাৰৰো অধিক লোকে একে লগে বহি পৰা ব্যৱস্থা থাকিব বুলি উল্লেখ কৰে মন্ত্ৰী তেলীয়ে ৷
লগতে পঢ়ক : মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ