National Food Security Scheme:পচা চাউল যোগানক লৈ উত্তপ্ত ডিব্ৰুগড়ৰ হাতীগড়

By

Published : Jun 13, 2023, 8:26 PM IST

thumbnail

মৰাণ, ১৩ জুন : ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ নামত গ্ৰাহকক পচা চাউল যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ মানকটা সমবায় সমিতিৰ অধীনস্থ হাতীগড় বকপাৰাৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ । খাদ্য সুৰক্ষা আঁচনিৰ নামত সূলভ মূল্যৰ এজেন্টে যোগান ধৰিছে গেলা-পচা চাউল । ইয়াৰ প্ৰতিবাদত মঙলবাৰে হাতীগড় বকপাৰাত গ্ৰাহকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।  

সূলভ মূল্যৰ এজেন্ট বিনা ভাৱালৰ বিৰুদ্ধে ক্ষোভ ৰাইজ । এজেন্টগৰাকীয়ে সময়মতে সূলভ মূল্যৰ চাউল যোগান নধৰাৰো অভিযোগ উঠিছে। যি চাউল যোগান ধৰে সেই চাউল খোৱাৰ উপযোগী নহয় বুলি কয় ৰাইজে ।

ইতিমধ্য গেলা-পচা চাউল খাই অসুস্থ হৈ পৰিছে কেইবাটিও শিশু।  শীঘ্ৰে এই বিষয়টোৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে । আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত সূলভ মূল্যৰ এজেন্ট বিনা ভাৱালে কয় যে সমবায় গুদামৰ পৰা যি চাউল দিছে তাকে বিতৰণ কৰা হৈছে । ৰাইজক দিয়াৰ পাছত পুনৰ চাউল ঘুৰাই লোৱাত সমস্যাৰ সৃষ্টি হৈছে । ৰাইজৰ অভিযোগ ইতিমধ্যে বিভাগৰ বিষয়াক অৱগত কৰা হৈছে বুলিও কয় সূলভ মূল্যৰ এজেন্টগৰাকীয়ে ।

লগতে পঢ়ক:water pipe explosion: চৰকাৰৰ কাণ্ডজ্ঞানহীনতা! কোনে ল’ব ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতিৰ দায়িত্ব ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.