Assam Bihu record: বিহু নাচৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিশ্বমুখী পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা যতীন বৰা আৰু নিশিতা গোস্বামীৰ - Nishita Goswami in Tezpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 19, 2023, 9:48 PM IST

তেজপুৰ, ১৯ এপ্ৰিল : আজি তেজপুৰ চিভিল ৰোডত আগশাৰীৰ গহনালয় টানিক্সৰ এখন বিপনী মুকলি কৰা হয় ৷ এই বিপনী মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰা (Nishita Goswami in Tezpur) ৷

বিপনী মুকলি অনুষ্ঠানটোত উপস্থিত থাকি অসম তথা অসমীয়াৰ আদৰৰ বিহুটিক লৈ চৰকাৰে শেহতীয়াকৈ যি পদক্ষেক লৈছে তাক লৈ গৌৰৱোধ কৰে বুলি উল্লেখ কৰে যতীন বৰাই  ৷  আনহাতে, অসমীয়া ছবি উদ্যোগলৈ সুদিন ঘূৰি অহাৰ কথা উল্লেখ কৰি যতীন বৰাই কয়, ‘‘ভাল ছবি দৰ্শকক দিব পাৰিলে নিশ্চিতভাৱে চলিব’’ (Jatin Bora on Assamese movie) ৷  

শেহতীয়াকৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰা ড৹ বেজবৰুৱা ছবিখনৰ প্ৰসংগ উত্থাপন কৰি ছবি নিৰ্মাণৰ ক্ষেত্ৰত আৰু আজিৰ প্ৰেক্ষাপটত যতীন বৰাক চিনাকী কৰাই দিয়া ব্যক্তি মুনিন বৰুৱা বুলি উল্লেখ কৰে যতীন বৰাই ৷ লগতে আহিব লগীয়া ছবি “ৰাঘৱ”ৰ কাম সম্পূৰ্ণ হৈ উঠা বুলি উল্লেখ কৰে অভিনেতাগৰাকীয়ে  ৷ লগতে ৰাঘৱৰ মূল ৰোমান্টিক গীতৰ শ্বুটিং অচিৰেই কাশ্মীৰৰ মনোমোহা লোকেচনত সম্পন্ন কৰিব বুলিও উল্লেখ কৰে যতীন বৰাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.