thumbnail

পূৰ্ণগতিত চলিছে লোকেল কুংফু 3 ৰ দৃশ্যগ্ৰহণ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 4:49 PM IST

গুৱাহাটী, ২৫ ডিচেম্বৰ: অসমীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত দৰ্শকৰ মাজত এক ব্যতিক্ৰমী ধাৰা আনিবলৈ সক্ষম হৈছিল ‘লোকেল কুংফু’ ছবিখনে ৷ এই ছবিখনে ৰাইজৰ পৰা লাভ কৰিছিল যথেষ্ট সঁহাৰি ৷ সেয়েহে, এই ছবিখনৰ জনপ্ৰিয়তাক দেখি পৰিচালকে ছবিখনৰ দ্বিতীয় পাৰ্ট আনিবলৈ বাধ্য হৈ পৰিছিল ৷ একেদৰে ‘লোকেল কুংফু 2’ ছবিখনেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ দুয়োখন ছবিৰ সফলতাৰ পাচত এতিয়া শীঘ্ৰেই আহি আছে ‘লোকেল কুংফু -৩’ ৷  

পূৰ্ণগতিত চলিছে ‘লোকেল কুংফু -৩’ৰ দৃশ্যগ্ৰহণ । অহা বৰ্ষৰ ছেপ্টেম্বৰত মুক্তি লাভ কৰিবলগীয়া এই চিনেমাখনৰ প্ৰায় ২৫ শতাংশ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে চিনেমাখনৰ পৰিচালক কেনী দেউৰী বসুমতাৰীয়ে । মহানগৰীৰ ভিন্ন প্ৰান্তত ইতিমধ্যে শ্বুটিং সম্পন্ন কৰা চিনেমাখনত লোকেল কুংফু প্ৰথমৰ প্ৰায়বোৰ চৰিত্ৰ দেখিবলৈ পাব দৰ্শকে ।

শেহতীয়াকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত চলিছে হাস্যৰস আৰু একচনধৰ্মী চিনেমাখনৰ চিত্ৰগ্ৰহণ । ইফালে অভিনেতা বনী দেউৰী, উৎকল হাজোবাৰী, বিভাষ সিং, জনী দেউৰীকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীক দৰ্শকে দেখিবলৈ পাব বুলি কেনী বসুমতাৰীয়ে জানিবলৈ দিয়ে । ইফালে শিক্ষক আৰু ছাত্ৰৰ এক মধুৰ সম্পৰ্ক দেখুওৱা চিনেমাখন অহা বৰ্ষৰ শিক্ষক দিৱসৰ দিনাই ছবিগৃহলৈ আহিব বুলিও সদৰী কৰে ।

লগতে পঢ়ক: Kenny Basumatary Interview: কিয় FTII ত অধ্যয়নৰ সপোন আধৰুৱা হৈ ৰ’ল কেনী বসুমতাৰীৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.