thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:29 AM IST

ETV Bharat / Videos

মাজুলীত ৰাস উপভোগ কৰিলে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই

মাজুলী, 27 নৱেম্বৰ : কংসৰ অট্টহাস, দৈৱকীৰ হিয়া ভাঙি যোৱা কান্দোনত কঁপিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহত ৷ দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হৈছে শাৰদীয় ৰাস মহোৎসৱ ৷ মাজুলীৰ অৰ্দ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খনকৈ সত্ৰত এইবাৰ অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱ । দেশী-বিদেশী পৰ্যটকৰো ভৰি বাঢ়িছে মাজুলীত ৷

আনহাতে, ৰাস উপভোগ কৰিবলৈ দেওবাৰে নিশা মাজুলীত উপস্থিত হয় লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা । মাজুলীত উপস্থিত হৈ সেনা বিষয়াগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰলৈ গৈ ভকত-বৈষ্ণৱৰ সেৱা লয় ৷ সমূহ অসমবাসীলৈ ৰাসৰ শুভেচ্ছা জনাই তেওঁ কয়, ‘‘এয়া মোৰ বাবে সৌভাগ্যৰ কথা ৷ উত্তৰ কমলাবাৰী সত্ৰলৈ গুৰুজনাৰ আৰ্শীবাদ বিচাৰি মাজুলীত উপস্থিত হ’ব পৰাতো মোৰ বাবে ভাগ্যৰ কথা’’ ৷

লগতে পঢ়ক : মাজুলীৰ ৰাসত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অসমবাসীলৈ ৰাসৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.