সোণাৰিত আৰক্ষীৰ অভিযান, 24 কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ - Assam Police
🎬 Watch Now: Feature Video


Published : Nov 29, 2023, 2:10 PM IST
ডিব্ৰুগড়, 29 নৱেম্বৰ : এফালে আবকাৰী মন্ত্ৰীয়ে ৰাইজক সুৰা সেৱনৰ পৰা দূৰত থাকিবলৈ কয়, আনফালে ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । অবৈধ সুৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়েও অভিযান অব্যাহত ৰাখিছে ৷ চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ৷
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অৰুণাচলৰ পৰা সোণাৰি হৈ নাগালেণ্ডলৈ নিয়া পথত চৰাইদেউ জিলাৰ টাওকাকত অভিযান চলাই অবৈধ সুৰাখিনি জব্দ কৰে ৷ আৰক্ষীৰ দলটোৱে AS 04 H 7233 নম্বৰৰ বাহনখনৰ পৰা 24 টা কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত থকা অভিযোগত এজনক আটক কৰে ৷
আটকাধীন যুৱকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ নামতোলা আৰক্ষীয়ে বৰ্তমান যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : সোণাৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি সৰবৰাহকাৰী আটক