চৰকাৰী ধান ক্ৰয় কেন্দ্ৰতহে ধান বিক্ৰীৰ বাবে কৃষকলৈ আহ্বান হোজাই জিলা আয়ুক্তৰ - Hojai DC urges farmers
🎬 Watch Now: Feature Video


Published : Nov 30, 2023, 8:33 AM IST
হোজাই, 30 নৱেম্বৰ : বহু সময়ত ধানৰ উচিত মূল্যৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰে কৃষকে ৷ সেয়ে কৃষকে যাতে ধানৰ উচিত মূল্য পাই আৰু কোনো দালাল চক্ৰই কৃষকৰ পৰা অতি কম মূল্যত ধান ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বুধবাৰে এক সংবাদমেলৰ জৰিয়তে হোজাই জিলাৰ কৃষকলৈ বিশেষ আহ্বান জনালে জিলা আয়ুক্ত লাচিত কুমাৰ দাসে ৷
জিলাখনত অহা 1 ডিচেম্বৰৰ পৰা চৰকাৰীভাৱে কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হ’ব বুলি উল্লেখ কৰি জিলা আয়ুক্ত দাসে কয় যে, চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰা হ’ব ৷ তেওঁ কয়, ‘‘কৃষকসকলে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰলৈ ধানসমূহ লৈ যাব পাৰিব ৷ প্ৰতি কুইন্টল ধান 2,183 টকাত ক্ৰয় কৰা হ’ব ৷ ইতিমধ্যে হোজাই জিলা প্ৰশাসনে 54 জন কৃষকক ধান বিক্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে ।’’
লগতে পঢ়ক : হোজাইৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতীৰ মুক্ত বিচৰণ