thumbnail

By

Published : Jul 30, 2022, 2:27 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Freedom fighter death in Sivasagar: মুক্তি যুঁজাৰু ডিম্ব প্ৰসাদ বৰুৱাৰ মৃত্যু

শিৱসাগৰ জিলাৰ বৰ্ষীয়ান মুক্তি যুঁজাৰু ডিম্ব প্ৰসাদ বৰুৱাৰ যোৱা নিশা ১০৮ বছৰ বয়সত জয়সাগৰস্থিত বাসভৱনত মৃত্যু হয়(Freedom fighter Dimb Prasad Baruah death in Sibasagar)। শণিবাৰে ৰাজ্যিক মৰ্যদাৰে মুক্তি যুঁজাৰুগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । ১৯১৪ চনত কোঁৱৰপুৰত জন্ম গ্ৰহণ কৰা ডিম্ব প্ৰসাদ বৰুৱাই শিৱসাগৰ চৰকাৰী বিদ্যালয়ত পঢ়ি থকাৰ সময়তে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল । জাতিৰ পিতা মহাত্মা গান্ধীক অনুকৰণ কৰি স্বাধীনতা যুঁজত যোগ দিয়া বৰুৱাই ইংৰাজৰ পৰা বহু লাঞ্চনা ভুগিবলগীয়া হৈছিল । মহাত্মা গান্ধীক শিৱসাগৰত সাক্ষাৎ পোৱাৰ পাছত অধিক উৎসাহিত হৈ আন্দোলনত নামি পৰিছিল বৰুৱাই । স্বাধীনতা লাভৰ পাছত কোঁৱৰপুৰৰ পৰা জয়সাগৰৈ নিগাজীকৈ থাকিবলৈ অহা বৰুৱাই শিৱসাগৰ মহাবিদ্যালয়ত নিম্নবৰ্গৰ সহায়কৰূপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল । সত্তৰ দশকতে ভাৰত চৰকাৰৰ তৰফৰ পৰা তাম্ৰপত্ৰ লাভ কৰা বৰুৱা বিভিন্ন সামাজিক অনুষ্ঠান আৰু কৰ্মত জড়িত আছিল । মৃত্য়ুৰ সময়ত তেওঁ চাৰিগৰাকী পুত্ৰ-বোৱাৰী এৰি যায় । তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে বহু অনুষ্ঠান-ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.