thumbnail

Allegation against Panchayat member: আৱাস যোজনাৰ গৃহৰ ফটো তোলাৰ নামত ধন সংগ্ৰহ

By

Published : Jan 12, 2023, 8:25 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

চৰকাৰী গৃহৰ ফটো তোলাৰ নামত ধনদাবী কৰা তথা হিতাধিকাৰীয়ে নিজ ইচ্ছামতে ধন দিয়া দুয়োটা অপৰাধ । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো বঙাইগাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ফটো তোলাৰ নামত ধন সংগ্ৰহ কৰা ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা(Allegation against Panchayat member) ৷ পঞ্চায়তখনৰ বড়িপাৰা খণ্ডৰ পঞ্চায়ত সদস্য যাদৱ চন্দ্ৰ ৰায়, পঞ্চায়ত সমন্বয়ক হাফিজুৰ ৰহমানৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ তেওঁলোকে হিতাধিকাৰী ৰেণুকা ৰায়ৰ ঘৰত ফটো তোলাৰ নামত ধন সংগ্ৰহ কৰাৰ ভিজুৱেল ছ‘চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইফালে হিতাধিকাৰী ৰেণুকা ৰায়ে নিজ ইচ্ছামতে ২০০ টকা চাহ খাবলৈ দিয়া বুলি উল্লেখ কৰে । পঞ্চায়ত সদস্য যাদৱ চন্দ্ৰ ৰায়ে ওমেন ৰায় নামৰ স্থানীয় যুৱকজনক পঞ্চায়ত সদস্য যাদৱ চন্দ্ৰ ৰায়ৰ দোকানৰ সন্মুখত মদ খাবলৈ নিদিয়াৰ বাবে টকা লোৱাৰ ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগ কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.