ETV Bharat / state

প্ৰায়চিত্ত হিচাপে লাগে ৫০ হাজাৰ টকা, নিদিয়াৰ বাবেই কৰা হ'ল এঘৰীয়া - Darrang family outcast

Boycott from society: পাথৰিঘাটত প্ৰায়চিত্তৰ নামত ৫০ হাজাৰ টকা আৰু ভোজভাতৰ দাবী এখন গাঁৱৰ ৰাইজৰ । কিহৰ বাবে পৰিয়ালটোৱে কৰিব লাগে প্ৰায়চিত্ত ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Boycott from society
প্ৰায়চিত্ত হিচাপে লাগে ৫০ হাজাৰ টকা (ETV Bharat)

দৰং,৪ অক্টোবৰ : বিজ্ঞান প্ৰযুক্তিৰ যুগত ভাৰতে বিভিন্ন ক্ষেত্ৰত পুৰোগামী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । ভিন্নজনে ভিন্ন কৃতিত্বক লৈ উদযাপনো কৰিছে । কিন্তু এতিয়াও যেন সমাজৰ কোনোবাটো কোণত লুকাই আছে গোড়ামি । একাংশৰ গোড়ামিৰ বাবে আজি সংকটত পৰিছে এটা পৰিয়াল । ঘৰৰ জীয়াৰী আন ধৰ্মৰ যুৱকলৈ পলাই যোৱাৰ শাস্তি ভুগিব লগা হৈছে পৰিয়ালটোৱে । প্ৰায়চিত্তৰ নামত ৫০ হাজাৰ টকা আৰু ভোজভাতৰ দাবী ! ৰাইজে বিচৰা ধৰণে কৰিব নোৱৰাৰ বাবেই পৰিয়ালটোক এঘৰীয়া কৰা হ'ল ।

সমাজৰ কঠোৰতা

এই ঘটনা দৰং জিলাৰ । সমাজৰ একাংশ বৰমূৰীয়া বুলি দাবী কৰা লোকৰ সংকীৰ্ণ মানসিকতাৰ বাবেই দীৰ্ঘদিন ধৰি এঘৰীয়া হৈ আছে এটা পৰিয়াল । যোৱা ৩ মাহ ধৰি গাঁৱৰ মানুহৰ সৈতে কোনো যোগাযোগ নাই পৰিয়ালটোৰ । আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এঘৰীয়া কৰিয়ে শান্ত থকা নাই গাঁওখনৰ একাংশ লোক । হাজিৰা কৰিয়েই পৰিয়াল পোহপাল দিয়া ঘৰৰ মুৰব্বীক কাম কৰাতো বাধা আৰোপ কৰাৰ অভিযোগ উঠিছে ।

প্ৰকৃত ঘটনাটো

এই ঘটনাটো ঐতিহাসিক পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামৰাই পাৰা গাঁৱৰ । অভিযোগ অনুসৰি ৰামৰাই পাৰা গাঁৱৰ নৱকান্ত বৰুৱাৰ পৰিয়ালটোক যোৱা ৩ মাহে গাঁওখনৰ পৰা এঘৰীয়া কৰি ৰাখিছে । নিয়ম অনুসৰি গাঁওখনৰ কোনো লোক তেওঁলোকৰ ঘৰলৈ গ'লেই দিব লাগিব এক হাজাৰ টকাৰ জৰিমনা । পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ একমাত্ৰ কন্যাই যোৱা জুন মাহত এজন আন ধৰ্মৰ যুৱকলৈ পলাই গৈছিল । যুৱতীগৰাকী পলাই যোৱা খবৰ পাই সমাজৰ একাংশ লোকে বিচাৰ পাতে আৰু পৰিয়ালটোৰ অভিযোগ অনুসৰি তেওঁলোকৰ ওপৰত জৰিমনা হিচাপে ৫০ হাজাৰ টকা আৰু ছাগলীৰ মাংসৰে ভোজ খুৱাই প্ৰায়চিত্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালটোৰ বাবে এই অৰ্থদণ্ড সহজ নহয় । যাৰ বাবে বিগত ৩ মাহে সমাজৰ পৰা বৰ্জিত হৈ থাকিব লগা হৈছে পৰিয়ালটো । ভুক্তভোগী পৰিয়ালটোৰ মতে সমাজৰ পৰা এঘৰীয়া কৰাৰ বাবে কোনো লোকৰ ঘৰত হাজিৰাও কৰিব পৰা নাই ঘৰৰ মুৰব্বীয়ে । এনে পৰিস্থিতিত পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ । একাংশ আত্মীয় আৰু সচেতন লোকে গোপনে তেওঁলোকক সহায় কৰি আছে যদিও এনেকৈ কিমান দিন চলিব পৰিয়ালটো । ৰুগীয়া সদস্য থকা পৰিয়ালটোৰ সন্মুখত এতিয়া তীব্ৰ সংকট নামি আহিছে । যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া প্ৰশাসনৰ সহায় বিচাৰিছে ।

লগতে পঢ়ক :ৰাজ্যত সকলো ধৰণৰ লটাৰী বন্ধ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Lottery ban in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.