গোলাঘাট পৌৰসভা জিলাখনৰ বাবেই দাপোন স্বৰূপ : অজন্তা নেওগ - Councillors swearing ceremony held in Golaghat
🎬 Watch Now: Feature Video

গোলাঘাট পৌৰসভা জিলাখনৰ বাবেই দাপোন স্বৰূপ । গোলাঘাট পৌৰসভাৰ গৰিমা সদায় অটুট ৰাখিবৰ বাবে চেষ্টা কৰা হ'ব । অহা দুটা বছৰত গোলাঘাট পৌৰসভাৰ ৰৈ যোৱা সকলো কাম সম্পূৰ্ণ কৰা হ'ব । মঙলবাৰে গোলাঘাটত নৱনিৰ্বাচিত প্ৰতিনিধিৰে গোলাঘাট পৌৰসভাৰ পৌৰসমিতি গঠন কৰি এই মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে । মঙলবাৰে গোলাঘাট পৌৰসভা গঠন হোৱাৰ পাছতেই অতিৰিক্ত উপায়ুক্তৰ উপস্থিতিত শপত বাক্য পাঠ কৰোৱা হয় (Councillors swearing ceremony) । উক্ত সভাত গোলাঘাট পৌৰসভাৰ পৌৰপতি হিচাপে দুলুমণি বৰবৰাক দায়িত্ব অৰ্পণ কৰা হয় । একেদৰে সীমান্ত বৰাক উপ-পৌৰপতি পদৰ দায়িত্ব অৰ্পণ কৰা হয় । অনাগত দিনত 13 টা ৱাৰ্ডেৰে সন্নিবিষ্ট গোলাঘাট পৌৰসভাখন অধিক গতিশীল কৰি তোলাৰ বাবে সংকল্পবদ্ধ হয় পৌৰপতি, উপ-পৌৰপতিৰ লগতে অন্যান্য সদস্যসকল ৷
Last Updated : Feb 3, 2023, 8:22 PM IST