Assam municipal election 2022: তিনিচুকীয়াৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ - congress on problematic nomination process in Tinisukia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 20, 2022, 6:35 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ৰাজ্যত পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) ব্যাপক প্ৰস্তুতি চলিছে । ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ মাকুম পৌৰসভাত উত্তেজনা । পৌৰসভাৰ ৩ টাকৈ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছ দলৰ । তিনিচুকীয়াৰ চক্ৰ বিষয়া তথা মাকুম পৌৰসভাৰ দায়িত্বত থকা চিন্ময় পাঠকৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ দলে (Congress files FIR against Tinsukia circle officer)। অভিযোগ অনুসৰি মাকুম পৌৰসভাৰ অন্তর্গত ১ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী তীৰ্থনাথ প্ৰসাদ, ৪ নং ৱাৰ্ডৰ ডেনিয়েল কিণ্ডু আৰু ৯ নং ৱাৰ্ডৰ জয়া দাসৰ শপতনামাত প্ৰাৰ্থীৰ চহী নোহোৱাকৈয়ে বৈধ বুলি ঘোষণা কৰিছিল চক্ৰ বিষয়া চিন্ময় পাঠকে । এই তথ্য পোহৰলৈ আনি জিলা কংগ্ৰেছে বিষয়াগৰাকীৰ বিৰুদ্ধে মাকুম আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে । তিনিচুকীয়া জিলাৰ চক্ৰ বিষয়াৰ গাফিলতিৰ বাবেই এনে ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে জিলা কংগ্ৰেছে । ১ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী তীৰ্থনাথ প্ৰসাদৰ বিৰুদ্ধে জালিয়াতিৰ এক এজাহাৰ দিছে কংগ্ৰেছে ।সংবাদমেলযোগে জিলা কংগ্ৰেছে এই অভিযোগ উত্থাপন কৰে । সংবাদমেলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক তথা অধিবক্তা মৌচম বৰুৱা, জিলা কংগ্ৰেছৰ সভাপতি জীৱন কুর্মী, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰণৱ বৰুৱাৰ লগতে বহু কংগ্ৰেছ নেতা উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.