টীয়কত জিলা পৰিষদৰ সদস্যাৰ আদৰণীয় পদক্ষেপ - হোলোঙাপাৰ জিলা পৰিষদৰ সদস্যা প্ৰনতি বৰুৱা বৰপাত্ৰগোহাঁই

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 23, 2020, 2:15 AM IST

টীয়কত জিলা পৰিষদৰ সদস্যাৰ আদৰণীয় পদক্ষেপ ৷ বিতৰণ কৰিলে মাস্ক, ছেনিটাইজাৰ আৰু কলম ৷ টীয়ক সমষ্টিৰ হোলোঙাপাৰ জিলা পৰিষদৰ সদস্যা প্ৰনতি বৰুৱা বৰপাত্ৰগোহাঁইৰ সৌজন্যত আজি টীয়কৰ সাংবাদিক আৰু হকাৰসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ আৰু একোটাকৈ কলম বিতৰণ কৰা হয় । সমগ্ৰ বিশ্বতে কৰ'ণা আতংকৰ মাজতে সাংবাদিক তথা হকাৰসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰতিটো খবৰ ৰাইজক অৱগত কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে তাৰ প্ৰতি সন্মান জনাই উৎসাহিত কৰাৰ উদ্দেশ্যে এনে কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে জিলা পৰিষদৰ সদস্যা গৰাকীয়ে । লগতে এইসকল কৰ'ণা যোদ্ধাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ টীয়ক সমষ্টিৰ দ্বায়িত্ব ল'বলৈ ৰাইজৰ আহ্বানত ইচ্ছা প্ৰকাশ কৰিছে সদস্যাগৰাকীয়ে । সেয়ে ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত উপস্থিত সকলোৰে পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা বিচাৰিছে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.