পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ - Chief Minister's Special Monitoring Unit
🎬 Watch Now: Feature Video
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বৃহস্পতিবাৰে জেৰা কৰিব ৰৌণক আলি হাজৰিকাক । ইতিমধ্যে পুনৰবাৰ জামিন আবেদন নাকচ কৰা হৈছে অসম আৰক্ষীৰ নিলম্বিত উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাৰ ৷ মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ৰোজি কলিতাই বুধবাৰে জানিবলৈ দিয়ে এই তথ্য ৷ আনহাতে মঙলবাৰে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে অনিল চন্দ্ৰ তালুকদাৰ আৰু পত্নী কণিকা তালুকদাৰৰ 164 ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে ন্যায়ালয়ে । 2002 চনত অনিল চন্দ্ৰ তালুকদাৰৰ পত্নীৰ নামত থকা ঘৰ মাটি বিক্ৰী কৰিছিল ৰৌণক আলি হাজৰিকাক । হেঙেৰাবাৰীৰ ঘৰ-মাটি পত্নীৰ নামত ক্ৰয় কৰিছিল নিলম্বিত আই পি এছ বিষয়াজনে । সেই সময়ত ঘৰ মাটিৰ চৰকাৰী মূল্য আছিল ১৯ লাখ টকা । ইয়াৰে ১৬ লাখ ৩২ হাজাৰ টকা আদায় দিছিল হাজৰিকাই । ২ লাখ ৬৮ হাজাৰ টকা চেকযোগে দিছিল নিলম্বিত আৰক্ষী বিষয়াজনে । পৰৱৰ্তী সময়ত সেই চেক বাউঞ্চো হৈছিল । বাউঞ্চ হোৱা চেকৰ ধন বিচাৰি গ’লেই তালুকদাৰ দম্পতিক ভয়- ভাবুকি দিছিল ৰৌণক আলি হাজৰিকাই । যাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাষ চাপিছিল পৰিয়ালটো ।