ভূত বাংলালৈ পৰিণত মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান - কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান
🎬 Watch Now: Feature Video

২০১৪-১৫ বৰ্ষত ডিব্ৰুগড় জিলাৰ মৰাণৰ মিৰিহোলাত এখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ আধাৰ শিলা স্থাপন কৰা হৈছিল। সেই সময়ৰ কংগ্ৰেছ মন্ত্ৰী পৃথ্বী মাঝিয়ে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু দুখৰ বিষয় যে, উক্ত শিক্ষানুষ্ঠান খন প্ৰায় ৭ বছৰে অৰ্ধনিৰ্মিত হৈ পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই এতিয়া ভূত বাংলালৈ পৰিণত হ'ব ধৰিছে । আনহাতে,নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত অৰ্ধনিৰ্মিত বাংলাটোত এতিয়া একাংশ লোকৰ বাবে অনৈতিক কৰ্মৰ ঘাটি হিচাপে পৰিণত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। উক্ত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান খন অতি শীঘ্ৰেই মেৰামতি কৰি কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ।
Last Updated : May 31, 2021, 6:21 AM IST