বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক সাক্ষাৎ এবছুৰ - এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰী
🎬 Watch Now: Feature Video
মহামাৰী কোভিড-১৯ মাজতে চৰকাৰে বান্ধি দিয়া কোভিড নিৰ্দেশাৱলী মৰ্মে চৰকাৰে শিক্ষানুষ্ঠানবোৰ খুলিবলৈ আৰম্ভ কৰিছে ৷ মহামাৰী কোভিড-19ৰ লকডাউনৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা প্ৰায় আঠ মাহ ধৰি অচল হৈ আছে ৷ এইখিনি সময়ত বহু শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াও স্তব্ধ হৈ পৰিছে ৷ এনে বহু সমস্যাক লৈ আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ এটি দলে নামনি অসমৰ এক মাত্ৰ উচ্চ-শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক লাইশ্ৰম লাডু সিঙক সাক্ষাৎ কৰে ৷ এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে কৰ'ণাৰ ফলত দেশত শিক্ষা ব্যৱস্থা বহু জুৰুলা হৈ পৰিছে ৷ উচ্চ শিক্ষা ল'বলৈও শিক্ষাৰ্থীয়ে ৰাজ্যৰ বাহিৰত নামভৰ্তি কৰিব পৰা নাই ৷ যাৰ বাবে বহু সমস্যাত ভুগিছে শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ ডিপ্লোমাৰ সংৰক্ষণ বৃদ্ধিৰ বাবে অনুৰোধ জনাইছে বুলি জানিবলৈ দিয়ে ৷