17 ডাল বিষাক্ত সাপ আৰু এজন যুৱকৰ সাহস...

By

Published : Sep 8, 2021, 6:52 PM IST

thumbnail

17 ডাল বিষাক্ত চকৰী ফেঁটি সাপৰ মাজত এজন যুৱক ৷ আচৰিত যেন লগা এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ চতিয়াল গাঁৱত ৷ যি দৃশ্য দেখিলে আপোনাৰ গাৰ নোম শিঁয়ৰি উঠিব ৷ ঘটনা অনুসৰি কলিয়াবৰৰ চতিয়াল গাঁৱৰ ৰূপজ্যোতি হাজৰিকা নামৰ এজন ব্যক্তিৰ ঘৰত এটা পকা আলমাৰিৰ ভিতৰত এডাল বিষাক্ত চকৰি ফেঁটি সাপে কণী পাৰিছিল ৷ তাৰপাছতে কণী ফুটি জন্ম হয় 16 ডালকৈ বিষাক্ত ফেঁটি সাপৰ পোৱালি ৷ এডাল পূৰ্ণ বয়স্ক সাপৰ সৈতে মুঠ 17 ডালকৈ সাপ দেখি গৃহস্থ ভয়ত থৰ হৰি কম্পমান হৈ পৰে ৷ উপায়ন্তৰ হৈ গৃহস্থই লগে লগে স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক খবৰ দিয়ে ৷ তাৰপাচতে সঞ্জীৱ ডেকা চতিয়াল গাঁৱত উপস্থিত হৈ ৰূপজ্যোতি হাজৰিকাৰ ঘৰৰ পৰা 17 ডালকৈ বিষাক্ত চকৰি ফেঁটি সাপ উদ্ধাৰ কৰে ৷ যি দৃশ্য দেখি সকলো আচৰিত হৈ পৰে ৷ সাপ কেইডালৰ কোনো ধৰণৰ খতি নোহোৱাকৈ উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ সংৰক্ষিত বনাঞ্চলত মুকল কৰি দিয়ে প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ৷ উল্লেখযোগ্য যে, পৰিস্থিতি তন্ত্ৰত সাপৰ ভূমিকা অপৰিসীম ৷ কিন্তু একাংশ লোকে সাপ দেখিলেই মাৰি পেলাবলৈ উদ্যত হয় ৷ তেনে সময়তে এই দৰে সঞ্জীৱ ডেকাৰ দৰে প্ৰকৃতিপ্ৰেমী যুৱকে সাপ উদ্ধাৰ কৰি যি দৰে সংৰক্ষণৰ ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া সঁচাই প্ৰসংশনীয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.