thumbnail

By

Published : Sep 23, 2020, 3:56 AM IST

ETV Bharat / Videos

কাকপথাৰত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ৰাজ্য গৃহ বিভাগৰ চুড়ান্ত গাফিলতিৰ বাবে আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাত প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ কাকপথাৰত আছুৱে নিজ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী তথা গৃহ দপ্তৰৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদস্যসকলে ৰাজ্য চৰকাৰ, বিজেপি বিৰোধী বিভিন্ন শ্লোগানেৰে কাকপথাৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত যোৱা ২০/৯/২০২০ তাৰিখে আৰক্ষীৰ ৫৯৭টা উপ-পৰিদৰ্শকৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাত আধাতে বাতিল কৰিবলগীয়া হৈছিল পৰীক্ষা ৷ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ দৰে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে আগন্তুক দিনত যাতে এনেধৰণৰ ভুল পুনৰাবৃত্তি নহয় তাৰ বাবে সকিয়াই দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.