তিতাবৰত কুঁৱাত পৰি মৃত্যু নাহৰফুটুকীৰ - a leoperd death at titabor in jorhat etv bharat news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13050653-thumbnail-3x2-titabor.jpg)
দেওবাৰে তিতাবৰত কুঁৱাত পৰি মৃত্যু এটা নাহৰফুটুকীৰ । তিতাবৰৰ ভাগ্যলক্ষ্মী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত থকা কুঁৱাত পৰি মৃত্যু ঘটে নাহৰফুটুকীটোৰ । দেওবাৰে নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি নাহৰফুটুকীটো কুঁৱাত পৰে বুলি অনুমান কৰিছে গঞা ৰাইজে ৷ ঘৰৰ গৰাকীয়ে পুৱা নাহৰফুটুকীটো কুঁৱাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে বনবিভাগক । পাচত বন বিভাগৰ লোকে কুঁৱাৰ পৰা উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহ ৷ বন বিভাগে জনোৱা অনুসৰি, মৃত নাহৰফুটুকীটোৰ বয়স প্ৰায় পাঁচ বছৰ ৷ প্ৰায় ৭ ফুট দীঘল নাহৰফুটুকীটো তিতাবৰ খণ্ড বন বিষয়া কাৰ্যলয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় ৷