Candidates file nomination: জিলা উপায়ুক্তৰ নাম নাজানে নলবাৰী বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থীয়ে - Candidates file nomination for municipal polls in Nalbari
🎬 Watch Now: Feature Video
সমাগত 2022 চনৰ পৌৰসভা নিৰ্বাচন (Municipal Election 2022) । পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত দেখা গ’ল প্ৰাৰ্থীৰ নানান ৰূপ ৷ কোনোৱে যদি কেমেৰাৰ সন্মুখত কঁকাল ভাঙি এপাক নাচিলে, আন কোনোৱে আকৌ ব্ৰতত থাকিয়েই দাখিল কৰিবলৈ আহিল মনোনয়ন । অ’ ৰ’ৱ; আপুনি বাৰু জানেনে পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা ? পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱা প্ৰাৰ্থীয়ে নাজানে নিজৰ জিলাখনৰ উপায়ুক্তগৰাকীৰে নাম ৷ উল্লেখ্য যে, আজি অৰ্থাৎ মঙলবাৰে নলবাৰীত ধাৰ্য কৰা হৈছিল পৌৰসভাৰ মনোনয়নৰ দিন । সেয়েহে জিলা উপায়ুক্তৰ কাৰ্যালয়ত শাসক-বিৰোধী, নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ (Candidates file nomination for municipal polls in Nalbari) । ইয়াৰে ভিতৰত নলবাৰী পৌৰসভা নিৰ্বাচনত ১৬ নম্বৰ ৱাৰ্ডৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে ২৩ বছৰীয়া কৰিশ্মা অধিকাৰীয়ে । নাচি-বাগি ভালপোৱা কৰিশ্মাই মনোনয়ন দাখিল কৰি কেমেৰাৰ সন্মুখতে কঁকাল ভাঙি নাচিলে এপাক । ইফালে আকৌ বিজেপি মিত্ৰজোঁটৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী চৰিত্ৰ দাসে ব্ৰতত থাকিয়েই শুভ্ৰ পোচাক পৰিধান কৰি দাখিল কৰিবলৈ আহিল মনোনয়ন ৷ জানিব পৰা মতে, প্ৰাৰ্থী চৰিত্ৰ দাসৰ মাতৃ ঢুকোৱাৰ মাত্ৰ কেইটামান দিনহে হৈছে ৷ মৃত মাতৃৰ শ্ৰাদ্ধ যোৱাই নাই । সেয়ে ব্ৰতত থাকিয়েই শুভ্ৰ পোছাক পৰিধান কৰি খালী ভৰিৰে আহি দাখিল কৰে মনোনয়ন পত্ৰ ।
Last Updated : Feb 3, 2023, 8:12 PM IST