দলগাঁৱত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ আতংক - শিলবড়ী আৰক্ষী চকী
🎬 Watch Now: Feature Video
দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ৰ দাঁতিকাষৰীয়া ৰাঙাগড়া পথাৰত বুধবাৰে পুৱাই এটা বাঘে সৃষ্টি কৰিলে আতংকৰ ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ৰ পৰা ওলাই অহা এই বাঘটোক প্ৰত্যক্ষ কৰি অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ উদ্যানখনৰ বনকৰ্মী, দলগাঁৱৰ স্থানীয় লোক আৰু শিলবড়ী আৰক্ষী চকীৰ এটা দলে চেষ্টা অব্যাহত ৰাখিছে ৷ ইপিনে গাঁওবাসীৰ চিঞৰ বাখৰত বাঘটোৱে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷ বনকৰ্মী আৰু আৰক্ষীয়ে বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ বাবে ইতিমধ্যে যৌথভাৱে অভিযান আৰম্ভ কৰিছে ৷