কি ঘটিছে ৰাজ্যৰ ৰাজনীতিত... - ৰাজনীতি
🎬 Watch Now: Feature Video
ইতিমধ্য বিজেপিয়ে 70 টা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷ এই তালিকা নাম সন্নিৱিষ্ট হ’ল বহু কেইগৰাকী নতুন প্ৰাৰ্থীৰ ৷ একেদৰে তালিকাৰ পৰা বাদ পৰিল বহু জ্যেষ্ঠ নেতা তথা বিধায়কৰ নাম ৷ সলনি বহু কেইবাগৰাকীও বিধায়কৰ সমষ্টি ৷ শুকুৰবাৰে প্ৰকাশিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত সৰহ সংখ্যক প্ৰাৰ্থী দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৷ চৰ্চা চলিছে যে, নিজৰ ঘনিষ্ঠ প্ৰাৰ্থীক টিকট দিয়াৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই বঞ্চিত কৰিলে নেকি একাংশ জ্যেষ্ঠ নেতাক ৷ কেৱল বিজেপিৰে নহয়, অগপৰো বহু কেইগৰাকী জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হ’ল প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা ৷