বিশৃংখল ৰূপত বাক্সাৰ জিলা কেন্দ্ৰ
🎬 Watch Now: Feature Video
বাক্সা জিলাৰ প্ৰাণকেন্দ্ৰ মুছলপুৰত থকা জিলা কেন্দ্ৰত পৰিলক্ষিত হৈছে বিশৃংখল পৰিৱেশ ৷ 2003 চনত বাক্সা জিলাৰ মুছলপুৰত জিলা চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ সুবিধা হোৱাকৈ একেখন চাদৰ তলতে স্থাপন কৰা হৈছিল প্ৰায় 40 টা কাৰ্যালয় ৷ পিছে দিন বাগৰাৰ পিছতো সলনি নহ’ল পৰিৱেশ ৷ তাহানিৰ সময়তে স্থাপন কৰা এই জিলা কেন্দ্ৰ ভৱনটোত আজিলৈকে নিৰ্মাণ কৰা নহ’ল দুচকীয়া, চাৰিচকীয়া বাহন ৰখা পাৰ্কিং প্লেচ ৷ পাৰ্কিঙৰ বাবে উপযুক্ত ঠাই নথকাৰ ফলতে এই ভৱনটোলৈকে অহা বহু লোকে আদবাটতে থয় ব্যক্তিগত বাহনসমূহ ৷ ফলত সৃষ্টি হয় এক বিশৃংখল পৰিৱেশ ৷ আনহাতে এই ভৱনটোৰ চৌহদৰ সীমাত নাই কোনোধৰণৰ পকী দেৱাল ৷ যাৰ ফলত নিতৌ গৰু-ছাগলীকে ধৰি বহু পশুধনে চৌহদটোত সোমাই লেতেৰা কৰে পৰিৱেশ ৷