কেৱল ভোটৰ বাবেই বিৰোধীয়ে মাদ্ৰাছা বন্ধ হোৱাটো নিবিচাৰে:ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 30, 2020, 10:47 PM IST

thumbnail

কেৱল মুছলিম সমাজৰ এচাম ৰক্ষণশীল লোকৰ ভোট লাভৰ স্বাৰ্থতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছে অসমত মাদ্ৰাছা বন্ধ হোৱাটো নিবিচাৰে । এই মন্তব্য শিক্ষা মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ । বিধানসভাত বুধবাৰে মাদ্ৰাছা বন্ধৰ বিধেয়কখন গৃহিত হোৱাৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে । তেওঁ আৰু কয় যে, কোন ৰাজ্যত কোন চৰকাৰে মাদ্ৰাছা চলাই আছে সেয়া বিচাৰ্যৰ বিষয় নহয়; মূল কথাটো হ'ল অসমত চৰকাৰে মাদ্ৰাছা বন্ধ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আজি বিধানসভাই এই সম্পৰ্কীয় বিধায়কখন গৃহিত কৰিছে । এ আই ইউ ডি এফে বিষয়টো আদালতৰ মজিয়ালৈ নিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি ড৹ শৰ্মাই কয় যে, মাদ্ৰাছা বন্ধৰ সপক্ষেও আদালতত দিব পৰাকৈ চৰকাৰৰ বহু যুক্তি আছে । তেওঁ আৰু কয় যে, বিৰোধীয়ে বিচাৰে মাদ্ৰাছা সমূহে কেৱল ইমাম সৃষ্টি কৰক । কিন্তু চৰকাৰে বিচাৰে ডাক্তৰ, ইঞ্জিনীয়াৰ, প্ৰশাসনিক বিষয়া, অধ্যাপকৰ সৃষ্টি হওক । সেইবাবেই মাদ্ৰাছা সমূহ বন্ধ কৰি সিবিলাকক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, যত ধৰ্মীয় শিক্ষাৰ পৰিৱৰ্তে ব্যৱহাৰিক শিক্ষা দিয়া হ’ব । ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ সাত শতাধিক চৰকাৰী মাদ্ৰাছা চিৰদিনৰ বাবে বন্ধ হ’ব বুলি তেওঁ ঘোষণা কৰে । যি বিলাকত কৰ্মৰত শিক্ষক আছে সেই সকলক আন চৰকাৰী দায়িত্বত নিয়োগ কৰা হ’ব । আনহাতে ২০২১ বৰ্ষত অন্তিমবাৰৰ বাবে হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হ’ব । ২০২২ ৰ পৰা হাইমাদ্ৰাছা পৰীক্ষা নাথাকিব বুলিও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.