"কংগ্ৰেছৰ সময়ত বিভাজন নীতি আছিল"-বিৰেণ সিং - মনিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিং
🎬 Watch Now: Feature Video
গুৱাহাটী, 9 ছেপ্টেম্বৰঃ "কংগ্ৰেছৰ সময়ত বিভাজন নীতি আছিল ৷ ভাগ ভাগ কৰি সংঘাতৰ মাজত ব্যস্ত ৰখা হৈছিল"৷ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে এই মন্তব্য কৰে ৷ ইয়াৰোপৰিও তেওঁ কয় যে মোডীৰ নেতৃত্বত উত্তৰ পূবত উন্নয়ন হৈছে ৷ লগতে তেওঁ কয় যে কংগ্ৰেছৰ দিনত দিল্লীত তেওঁলোকে 15-20 দিন ধৰি অপেক্ষা কৰি বিমুখ হৈ ঘুৰি আহিছিলে ৷ কিন্তু এতিয়া উত্তৰ পূৱলৈ নামি আহিছে কেন্দ্ৰীয় চৰকাৰ ৷