বহিঃৰাষ্ট্ৰত অসম সন্তানৰ কৃতিত্ব - ছয়গাঁও কাৰাটে ডো একাডেমী

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 23, 2019, 5:37 PM IST

ছয়গাঁও,২৩ মে' :  চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অলপতে অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় মেয়ৰ কান কাৰাটে প্ৰতিযোগিতাত ছয়গাঁৱৰ কাৰাটে ডো একাডেমীৰ পৰা ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ছয়গাঁৱৰ পাঁচজনীয়া শিশুৰ দলটোৱে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ দলটোৱে ৰূপ আৰু ব্ৰঞ্জৰ মুঠ ছটা পদকেৰে অসম তথা ছয়গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ দলটোৰ পদ্মীনি বড়োৱে কুমিটেত ৰূপৰ পদক আৰু কাটাত ব্ৰঞ্জৰ পদক,পাৰ্থপ্ৰতীম ৰাভাই কুমিটেত ৰূপৰ পদক,মাইনা দাসে কুমিটেত ব্ৰঞ্জৰ পদক,ৰাজদ্বীপ ৰাভাই কাটাত ব্ৰঞ্জৰ পদক আৰু মনজিৎ ৰাভাই কুমিটেত ৰূপৰ পদক লাভ কৰে ৷উল্লেখযোগ্য যে এই পাঁচ গৰাকী শিশুৱে ছয়গাঁৱৰ কাৰাটে একাডেমীত ছেনচেই নেত্ৰকমল চক্ৰৱৰ্তী আৰু কিশোৰ কুমাৰ পাঠকৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ আছে ৷ ইফালে ছয়গাঁৱৰ  লালমোহন চৌধুৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কনমানি ছাত্ৰী মাইনা দাসৰ এই সাফল্যত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ পৰাৰ লগতে বৃহস্পতিবাৰে  বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয় মাইনা দাসক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.