মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থিয় হোৱাৰ আশ্বাস অখিল গগৈৰ

By

Published : Aug 1, 2021, 7:37 AM IST

thumbnail

অসম বিধানসভাৰ অধ্যক্ষ (Chairman of assam legislative assembly)বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল শনিবাৰে শিলচৰ উপস্থিত হয় । শিলচৰত উপস্থিত হোৱাৰ পাছতেই সৰ্বদলীয় প্ৰতিনিধি দলটোৱে পোনে পোনে অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰ পৰিদৰ্শন কৰে ৷ লায়লাপুৰত উপস্থিত হৈ অসম চৰকাৰৰ প্ৰতিনিধিৰ দলটো লায়লাপুৰ আৰক্ষী চকীত এখন যুটীয়া সৰ্বদলীয় বৈঠকত মিলিত হয় । এই বৈঠকৰ পাছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত গোটেই বিষয়টো ভাৰতবৰ্ষৰ আইনী ব্যৱস্থাৰ অধীনত ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে ৷ একেদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ((Akhil Gogoi))য়েও সাংবাদিকৰ আগত কয় যে, মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ আমি কেতিয়া মানি নলও । এই গোচৰ উঠাই ল’ব লাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.