thumbnail

বিজেপি কৰ্মী দ্বাৰা চামগুৰিত উপমানিত হ’ল ৰাহুল গান্ধী !

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 7:27 PM IST

নগাঁও, 21 জানুৱাৰী : অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি চাৰিওফালে সৃষ্টি হৈ আছে এক উত্তপ্ত পৰিস্থিতিৰ ৷ য’তে ৰাহুল গান্ধী উপস্থিত হৈছে তাতেই সৃষ্টি হৈছে হুলস্থূলীয়া পৰিৱেশৰ ৷ দেওবাৰে দিনৰ ভাগত ৰাহুল গান্ধী শোণিতপুৰৰ জামুগুৰিহাটত উপস্থিত হোৱাৰ লগে লগে ভাৰত জোড়ো যাত্ৰাৰ কনভয়ত আক্ৰমণ কৰে একাংশ বিজেপি কৰ্মীয়ে ৷ নগাঁৱতো দেওবাৰৰ বিয়লি একেই দশা হয় ৷

দেওবাৰে বিয়লি ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিৰ দুটাকৈ স্থানত ৰাহুল গান্ধীৰ উপস্থিতিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । দেওবাৰে কলিয়াবৰৰ এখন সভাত অংশগ্ৰহণ কৰাৰ পিচত ৰূপহী অভিমুখে আহি থকা অৱস্থাত চামগুৰি সমষ্টিৰ আমবাগান আৰু লাওখোৱা বজাৰত থকা দোকানত প্ৰৱেশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আমবাগান আৰু লাওখোৱাত উপস্থিত হোৱাৰ লগে লগেই একাংশ লোকে হাতে হাতে অন্যায় যাত্ৰা লিখা প্লে কাৰ্ড লৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ।

তাৰ পাচতে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ হঠাৎ এনে পৰিস্থিতিৰ সৃষ্টি কৰা লোকসকল বিজেপিৰ সমৰ্থক বুলি দাবী কৰিছে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক : আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.