thumbnail

By

Published : Mar 28, 2022, 8:40 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

ইউটিউবত উপলব্ধ হ’ল ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটক

দিল্লীস্থ ইন্‌লি নাট্য গোষ্ঠীৰ এক ব‍্যতিক্ৰমী প্ৰয়াস ৷ বিশ্ব নাট্য দিৱসৰ লগত সংগতি ৰাখি এক সুন্দৰ পদক্ষেপ হাতত লৈছে ইন্‌লিয়ে । নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত প্ৰস্তুতি প্ৰবন্ধক হিচাপে কৰ্মৰত অসমৰ সু-সন্তান পৰাগ শৰ্মাৰ পৰিচালনাত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ "অৱৰোধ" নাটখন ইউটিউবৰ জৰিয়তে উপলব্ধ হ'ল দৰ্শকৰ বাবে (Bhavendra Nath Saikia's play) । ক'ভিড-১৯ এ সমগ্ৰ পৃথিৱীকে গ্ৰাস কৰি পেলোৱাৰ সময়ত শিল্পী সকল উপায়ন্তৰ হৈ পৰিছিল ৷ নিজকে মানসিকভাৱে মজবুত কৰি ৰাখিবলৈ লকডাউনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত থকা অভিনয় শিল্পী সকলে ম’বাইল ব্যৱহাৰ কৰিয়েই নাটকৰ প্ৰয়াস অব্যাহত ৰাখিছিল ৷ নিজৰ ম’বাইল কেমেৰাৰে নাটকীয় মুহূৰ্তবোৰ আৱদ্ধ কৰি ৰাখি এতিয়া এইসকল শিল্পীয়ে মহান মনীষী ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অৱৰোধ’ নাটকখন নাট্যপ্ৰেমী ৰাইজলৈ ইউটিউবৰ জৰিয়তে মুকলি কৰি দিছে (Assamese play on YouTube) ৷ ই নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.