হেৰুৱালে স্বামীক...ৰৈ গ'ল কেৱল স্মৃতি !! - অন্ধ্ৰপ্ৰদেশৰ কুৰ্নোল জিলা
🎬 Watch Now: Feature Video
কৰ'ণা মহামাৰীৰ ফলত বহু লোকে হেৰুৱাইছে নিজৰ আপোনজনক ৷ তিনিদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নোল জিলাৰ আলাগাদ্দাৰ RTC বাছ ষ্টেণ্ডৰ ওচৰৰ এজন লোক কৰ'ণাত আক্ৰান্ত হৈছিল ৷ তেওঁৰ বয়স 50 বছৰৰ তলৰ হোৱাৰ বাবে ঘৰৰ ওচৰৰে এক আছুতীয়া কক্ষত তেওঁক ৰখা হৈছিল ৷ শনিবাৰৰ দিনা হঠাৎ লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত পত্নীয়ে এখন ব্যক্তিগত এম্বুলেন্সৰ যোগাৰ কৰে ৷ কিন্তু, এম্বুলেন্সত উঠিবলৈ লওঁতেই হঠাৎ বাগৰি পৰি লোকজনৰ মৃত্যু হয় ৷ মৃত স্বামীৰ কাষত পিপিই কিট পৰিধান কৰি পত্নীক দুখত মৰ্মাহত হৈ থকা দেখি আচৰিত হৈ পৰে স্থানীয় লোক ৷ ইয়াৰ পাচতে নগৰপালিকা আৰু স্থানীয় লোকৰ সহায়ত লোকজনৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷