Scotland of the East : শ্বিলঙত তুষাৰৰ শুভ্ৰ আৱৰণ

By

Published : Dec 22, 2021, 9:02 PM IST

thumbnail

বৰফৰ শুভ্ৰ আচ্ছাদনেৰে আৱৰি ধৰিছে পূৱৰ স্কটলেণ্ড অৰ্থাৎ শ্বিলঙক (Scotland of the East) ৷ ক্ৰমাৎ তাপমাত্ৰা নিম্মগামী হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ৷ তাপমাত্ৰা নিম্নগামী হোৱাৰ বাবে এতিয়া বৰফেৰে ঢাকি ধৰিছে শ্বিলঙক ৷ শ্বিলঙৰ এই নান্দনিক প্ৰকৃতিক পৰিৱেশে এতিয়া হাত বাউল দি মাতিছে পৰ্যটকক ৷ বুধবাৰে আপাৰ শ্বিলং আৰু লাইটকৰ অঞ্চলৰ অধিকাংশ স্থানতে তুষাৰপাতৰ মাত্ৰা অধিক হোৱা পৰিলক্ষিত হয় (White frost covered most of the areas in Upper Shillong and Laitkor areas of Shillong on Wednesday) ৷ আপাৰ শ্বিলং আৰু লাইটকৰ অঞ্চলত যেনিয়েই চোৱা যায়, তেনিয়েই কেৱল তুষাৰপাতৰ বগা আচ্ছাদন পৰিলক্ষিত হৈছে (A white lair of frost covered most of areas in Shillong) ৷ এনে এক মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ এতিয়া ঘৰৰ পৰা বাহিৰলৈ উলাই আহিছে শ্বিলঙৰ সকলো ৷ সকলোৱে এই নান্দনিক দৃশ্যসমূহ আৱদ্ধ কৰিছে কেমেৰাত ৷ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে পূৱৰ স্কটলেণ্ডৰূপে খ্যাত শ্বিলঙৰ এই মনোমোহা দৃশ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.