thumbnail

By

Published : Dec 20, 2020, 11:15 AM IST

Updated : Dec 20, 2020, 1:06 PM IST

ETV Bharat / Videos

গুগল পে’,ফোন পে’ নহয়...এতিয়া ডাইৰেক্ট পকেট পে’

গুগল পে’ নহয়, ফোন পে’ নহয়, এতিয়া ডাইৰেক্ট পকেট পে’ ৷ অৱশ্যে এই পকেট পে’ কৰিব লাগিব ঘোচ লোৱা আৰক্ষীকহে ৷ ইয়াত নালাগে ইণ্টাৰনেট কানেক্সনো ৷ দেশত আৰক্ষী তথা প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰীৰ সন্দৰ্ভত বিভিন্ন সময়ত চৰ্চা অব্যাহত থকাৰ মাজতে পুনৰ এক ঘটনাই সকলোকে আমোদ দিয়াৰ লগতে আৰক্ষীৰ আন এটা ঋণাত্মক দিশকো প্ৰতিফলিত কৰিছে ৷ সৰ্বত্ৰে এতিয়া ভাইৰেল হোৱা এটা ভিডিঅ’ই সকলোকে দিছে হাঁহিৰ খোৰাক ৷ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পিপৰিৰ ছাই চ’কত ৷ পথৰ কাষত এখন স্কুটীত এগৰাকী মহিলা বহি আছে আৰু তাৰ সমীপতে ৰৈ আছে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী মহিলা আৰক্ষী বিষয়া ৷ মহিলা আৰক্ষী বিষয়া গৰাকীয়ে স্কুটীৰ আৰোহীক পথৰ কাষলৈ যাবলৈ নিৰ্দেশ দিয়াৰ পাচতে তেওঁলোকৰ মাজত ইংগিতেৰে কথা-বতৰা চলে ৷ পৰৱৰ্তী সময়ত স্কুটীৰ পিছফালে বহি থকা যুৱতী গৰাকীয়ে মহিলা আৰক্ষী বিষয়া গৰাকীৰ পকেটত ভৰাই দিয়ে টকা ৷ সমগ্ৰ দৃশ্য এজন লোকৰ কেমেৰাত বন্দী হোৱাৰ পাচত এতিয়া চ’ছিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’টি ৷ চাঁওক ভাইৰেল হোৱা এই বিশেষ ভিডিঅ’টি...
Last Updated : Dec 20, 2020, 1:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.