thumbnail

By

Published : Jul 27, 2021, 11:19 AM IST

Updated : Jul 27, 2021, 11:44 AM IST

ETV Bharat / Videos

কিয় এই সীমা বিবাদ : অসমক জগৰীয়া কৰিলে মিজোৰামৰ গৃহমন্ত্ৰীয়ে !

অসম-মিজোৰাম সীমা বিবাদ(Assam Mizoram border dispute)ৰ ঘটনাই লৈছে নাটকীয় ৰূপ ৷ সোমবাৰে মিজো দুৰ্বৃত্তৰ হাতত 6 জনকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ হেৰুওৱাৰ পিছত মিজোৰাম চৰকাৰে পৰিস্থিতি সম্পৰ্কত বিপৰীত মন্তব্য আগবঢ়াইছে ৷ মিজোৰামৰ গৃহমন্ত্ৰী লালচামিলানাই(Mizoram home minister Lalchamilana) সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সমগ্ৰ ঘটনাৰ বাবে অসম আৰক্ষী তথা চৰকাৰক জগৰীয়া কৰে ৷ অসম আৰক্ষীক আগ্ৰাসী আখ্যা দি তেওঁ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(union home minister Amit Shah) সীমা বিবাদক নিস্পত্তি কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছ মূহুৰ্ততেই এনে ঘটনা সংঘটিত হোৱাৰ বাবে অসমক জগৰীয়া কৰে ৷ মিজোৰাম চৰকাৰে(Mizoram government) এই ঘটনাক ধিক্কাৰ দিয়া বুলিও মন্তব্য কৰে লালচামিলানাই ৷
Last Updated : Jul 27, 2021, 11:44 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.