thumbnail

By

Published : Sep 30, 2019, 4:50 PM IST

Updated : Sep 30, 2019, 6:13 PM IST

ETV Bharat / Videos

গুজৰাটত কৃত্ৰিম বানৰ সংহাৰ

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰঃ গুজৰাটৰ দ্বাৰকা জিলাত সংঘটিত হোৱা ধাৰাষাৰ বৰষুনে সৃষ্টি কৰিছে কৃত্ৰিম বানপানীৰ ৷ জিলাখনৰ সিন্দানী বান্ধৰ পানী উপচি পৰাৰ ফলতেই বিভিন্ন অঞ্চলত সৃষ্টি হয় বানপানীৰ ৷ জিলাখনৰ অন্যতম তীৰ্থস্থলী হৰশ্বাদ মাতা মন্দিৰৰ ভিতৰভাগটো অতিৰিক্ত পানী প্ৰৱেশ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহুটো তীৰ্থযাত্ৰী ৷ মন্দিৰৰ ভিতৰত প্ৰায় 5 ফুটলৈকে পানী ডুবাই পেলায় ৷ মন্দিৰৰ বাহিৰভাগত এতিয়াও 3 ফুটৰ ওপৰত পানীৰ সোঁত বৈ থকা পৰিলক্ষিত হৈছে ৷  বান্ধৰ পৰা ওলাই অহা অতিৰিক্ত পানীয়ে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ আনহাতে মন্দিৰ দৰ্শন কৰিবলৈ অহা বহুটো তীৰ্থযাত্ৰীয়ে মন্দিৰ দৰ্শন নকৰাকৈয়ে উভটি যাবলগীয়া হয় ৷ আনহাতে মন্দিৰৰ বাহিৰত থকা দোকান-পোহাৰকে ধৰি অন্যান্য স্থানসমূহতো পানী প্ৰৱেশ কৰাৰ ফলত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় ব্যৱসায়ীসকল ৷
Last Updated : Sep 30, 2019, 6:13 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.