thumbnail

By

Published : Sep 28, 2019, 2:23 PM IST

ETV Bharat / Videos

গান্ধীজীৰ প্ৰিয় আছিল গ্ৰাম্য বসতি

এইয়া সেৱাগ্ৰাম আশ্ৰম ৷ ইয়াত থকা মহাত্মা গান্ধীৰ পঁজাঘৰটি বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ বহু পৰ্যটক আৰু গান্ধীজীৰ অনুগামীসকলে এই স্থান পৰিদৰ্শন কৰিবলৈ আহে ৷            সাধাৰণতে, বাপু নামেৰে পৰিচিত মহাত্মা গান্ধীয়ে গাঁৱত বসবাস কৰি ভাল পাইছিল ৷ সেইবাবে 1935 চনত গান্ধীজীয়ে সেৱাগ্ৰাম আশ্ৰম স্থাপন কৰিছিল ৷ বাপুৱে তাত প্ৰায় আঠ বছৰ বসবাস কৰিছিল ৷ গান্ধীয়ে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছিল আৰু তেখেতৰ খাদ্যাভাষো আছিল অতি সাধাৰণ ৷  এই আশ্ৰমখনতে বাপুৱে প্ৰতিদিনে ব্যৱহাৰ কৰা বহু কেইপদ সামগ্ৰী সংৰক্ষণ কৰি ৰখা হৈছে ৷ এইবোৰৰ ভিতৰত আছে এখন মেজ, এডাল লাঠি, এটি পেপাৰৱেট আদি ৷ এই আশ্ৰমখনে গান্ধীজীক পৰৱৰ্তী প্ৰজন্মৰ সৈতে চিনাকী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.