উত্তৰ প্ৰদেশৰ গান্ধীজীৰ স্মৃতি বিজড়িত প্ৰাৰ্থনা গৃহটি !

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 20, 2019, 7:28 PM IST

উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাৰ গান্ধী ভৱনত প্ৰতি সন্ধিয়া আয়োজন কৰা গান্ধী ভজনৰ অনুষ্ঠান সমগ্ৰ দেশতে বিখ্যাত ৷ বিগত ছয় বছৰে সকলো বাধা নেওচি প্ৰতি সন্ধিয়া 5.30 বজাত এই ভজন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে ৷ বিভিন্ন ধৰ্মৰ গান্ধীবাদী সকলে সন্ধিয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু গান্ধীজী ৰচিত গীত সমূহ পৰিবেশন কৰে ৷ প্ৰতি ধৰ্মৰ শিক্ষা পাঠদানৰ পাচত "সৰ্বধৰ্ম সংভাৱ"ৰ এটি বাৰ্তা সকলোকে দিয়া হয় ৷ সৰ্বদয়া আশ্ৰম আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানত জিলা দণ্ডাধীশ অশোক কুমাৰ শুক্লাৰ পৰামৰ্শ আৰু বহুকেইজন প্ৰবীন লোকৰ সহযোগিতাত প্ৰতি সন্ধিয়া প্ৰাৰ্থনা সভা আযোজন কৰা হৈছিল ৷ লোকসকলে কয় যে,তেওঁলোকে প্ৰতি সন্ধিয়া প্ৰাৰ্থনা অনুষ্ঠানত অংশ লোৱাৰ পাচত যথেষ্ট প্ৰশান্তিবোধ কৰে ৷ 1929 চনৰ 11 অক্টোবৰত গান্ধীজী জনসাধাৰণৰ সৈতে এখন সভাত মিলিত হয় ৷ সভাত অংশগ্ৰহণকাৰী মহিলাসকল বাপুৰ স্বাধীনতা আন্দোলনৰ প্ৰতি ইমানেই আকৃষ্ট হৈছিল যে,তেওঁলোকে নিজৰ ডিঙিৰ গহনা খুলি আন্দোলনৰ বাবে দান কৰিছিল ৷ ইয়াৰ লগতে সেই বৰ্ষত বিদেশী বস্ত্ৰ জ্বলাই হোলী উদযাপন কৰা হৈছিল ৷ স্বাধীনতাৰ পূৰ্বে এই স্থান ভিক্টোৰিয়া হল ট্ৰাষ্ট হিচাপে পৰিচিত আছিল ৷ কিন্তু দেশ স্বাধীন হোৱাৰ পাচত গান্ধীবাদীসকলে গান্ধীজীৰ স্মৃতি সজীৱ কৰাৰ বাবে গান্ধী ভৱন নিৰ্মাণৰ বাবে দাবী তুলিছিল ৷ চৰকাৰৰ পৰা কোনো সমৰ্থন নোপোৱাৰ ফলত গান্ধীবাদীসকলে ৰাইফল ক্লাৱ আৰু সাধাৰণ লোকৰ সহায়ত 5.5 লাখ টকা সংগ্ৰহ কৰি এই গান্ধী ভৱনটি নিৰ্মাণ কৰিছিল ৷ মুক্তিযোদ্ধা জয়দেৱ কাপুৰৰ সভাপতিত্বত 1983 চনৰ 8 মে'ত মুক্তিযোদ্ধা ৰঘুনন্দন শৰ্মাই গান্ধী ভৱনটি উদ্বোধন কৰে ৷ গান্ধীজীৰ বিভিন্ন স্মৃতি ভৱনটোৰ দেৱালত খোদিত কৰা আছিল ৷ ইয়াত সংৰক্ষিত "গান্ধীজীৰ যঁতৰ"টোৱে ভৱনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ৷ বৰ্তমান জিলা দণ্ডাধীশ পুলকিত খাৰেৰ প্ৰচেষ্টাত গান্ধী প্ৰাৰ্থনা গৃহটি সুন্দৰভাৱে সজাই তোলা হৈছে ৷ গান্ধী জনকল্যাণ সমিতিৰ সদস্যৰ লগতে গান্ধীবাদী লোকসকলেও প্ৰাৰ্থনাত অংশ লয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.