ৰাফেল উৰাবলৈ অনুমতি পালে চীনৰ যুদ্ধবিমান ভূপতিত কৰিম : প্ৰাক্তন গ্ৰুপ কেপ্টেইন বৈমানিক এম পাংগিং - গ্ৰুপ কেপ্টেইন মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
তেজপুৰ, 27 জুলাই : ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ফ্ৰান্সৰ পৰা পাঁচখনকৈ ৰাফেল যুঁজাৰু বিমান লৈ ভাৰতলৈ বুলি উৰা মাৰিছে ৷ এই সন্দৰ্ভত আমি কথা পাতিছিলো ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বৈমানিক তথা SU-30 MKI ক সন্মুখৰ পৰা নেতৃত্ব দিয়া গ্ৰুপ কেপ্টেইন মহন্ত পাংগিঙৰ সৈতে ৷ তেখেতে ৰাফেল সন্দৰ্ভত আমাৰ আগত ব্যক্ত কৰে বহুটো গুৰুত্বপূৰ্ণ তথা জানিবলগীয়া তথ্য ৷ মহন্ত পাংগিং অৰুণাচলৰ বাসিন্দা আৰু ভাৰতীয় বায়ুসেনাৰ শক্তিশালী SU-30MKI বিমানৰ অভিজ্ঞতাৰে পুষ্ট ৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে, ভাৰতীয় বায়ুসেনাত ৰাফেলৰ সংযোজনে বহুখিনি শক্তি বৃদ্ধি কৰিব ৷ উন্নত প্ৰযুক্তি তথা অস্ত্ৰ-শস্ত্ৰৰে সংযুক্ত ৰাফেল সন্দৰ্ভত তেওঁক যদি চৰকাৰ তথা বায়ুসেনাই দেশৰ প্ৰয়োজনত তেওঁক এতিয়াও মাতি পঠায় তেতিয়াহ'লে নিশ্চিতভাৱে ৰাফেলৰ দ্বাৰা চীনৰ যুদ্ধবিমান ভূপতিত কৰিবলৈ মন আছে তেওঁৰ ৷