উত্তৰাখণ্ডত আমলাবা নদীৰ প্ৰলয়ংকাৰী ৰূপ - উত্তৰাখণ্ড
🎬 Watch Now: Feature Video
বাৰিষাৰ বানে(FLOOD) কালৰূপ ধাৰণ কৰিছে উত্তৰাখণ্ডত । উফন্দি উঠিছে আমলাবা নদীৰ (AMLABA RIVER) জলপৃষ্ঠ । ডেৰাডুনৰ বানে (Derhadun flood) প্লাৱিত কৰা অঞ্চলৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত । অঞ্চলটোত আমলাবা নদীৰ ওপৰত থকা এখন দলং পানীৰ সোঁতে ভাঙি নিয়াৰ পাছত পানীৰ মাজেৰে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় লোকে । ভিডিঅ'টোত দেখা গৈছে যে, গৰাকী যুৱক-যুৱতীয়ে হাতে হাতে ধৰি লাঠিৰ সহায়ত মৰণত শৰণ দি নৈ পাৰ হোৱাৰ চেষ্টা কৰিছে । দলংখন ভাগি যোৱাৰ ফলত বানে বুৰাই পেলোৱা অঞ্চলতে আবদ্ধ হৈ আছে বহু লোক । ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে । ৰাজধানী দিল্লীৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যত নেৰানেপেৰা বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ।