পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে বৃদ্ধা মাতৃয়ে - গোচৰ ৰুজু
🎬 Watch Now: Feature Video
ৰাজধানী দিল্লীত সংঘটিত হৈছে মানুহৰ মন-মগজুক জোকাৰি যোৱা এক ঘটনা ৷ নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে দিল্লীৰ দ্বাৰকাৰ এগৰাকী 76 বৰ্ষীয় বৃদ্ধাই ৷ নিজ পুত্ৰ আৰু বোৱাৰীৰ সৈতে হোৱা বাক-বিতণ্ডাৰ অন্তত পুত্ৰই চৰিয়ালে মাতৃ অৱতাৰ কৌৰক ৷ ইয়াৰ পাচতে মাটিত ঢলি পৰে বৃদ্ধা মহিলাগৰাকী ৷ সমগ্ৰ ঘটনা বন্দী হয় চিচিটিভি কেমেৰাত ৷ ঘটনা সম্পৰ্কত ব্যক্তিজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে ৷