thumbnail

By

Published : May 14, 2020, 12:51 PM IST

ETV Bharat / Videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

ভাৰতত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ । 14 মে'লৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 78003 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 2549 গৰাকীলৈ । সম্প্ৰতি এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 26234 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 25922 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 975 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে গুজৰাট, দিল্লী, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.