বিহাৰৰ চম্পৰাণৰ কৃষক বিদ্ৰোহ আৰু গান্ধীজীৰ ভূমিকা - কৃষকৰ ওপৰত হোৱা আক্ৰমণ
🎬 Watch Now: Feature Video

বিহাৰৰ চম্পৰাণ অঞ্চলৰ ইতিহাসত এক তাৎপৰ্য আছে, কিয়নো এই স্থানৰ পৰাই গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ৷ মতিহাৰিৰ চম্পৰণ অঞ্চল গান্ধীজীৰ কৰ্মভূমি হিচাপে পৰিচিত আছিল ৷ স্বাধীনতা সংগ্ৰামৰ সময়ত এই স্থানত এটি বিদ্ৰোহ আৰম্ভ হৈছিল ৷ ব্ৰিটিছৰ শাসনকালত জমিদাৰসকলে কৃষকৰ ওপৰত অত্যাচাৰ চলোৱাৰ লগতে চম্পৰণ অঞ্চলত অবৈধভাৱে শুল্কৰ আৰোপ কৰিছিল ৷
কিন্তু 1916 চনৰ লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত ৰাজকুমাৰ শুক্লাক গান্ধীজীয়ে সাক্ষাৎ কৰে ৷ ৰাজকুমাৰ শুক্লাই তিনিকাঠিয়া নীতি আৰু জমিদাৰে আৰোপ কৰা অবৈধ শুল্কৰ বিৰুদ্ধে মাত মাতিছিল ৷ শুক্লাই গান্ধীজীক কৃষকৰ দুখ দুৰ্দশা প্ৰত্যক্ষ কৰাৰ বাবে চম্পৰণ ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ সেই অনুৰোধ মৰ্মে, 1917 চনত গান্ধীজীয়ে ৰাজকুমাৰ শুক্লাৰ সৈতে চম্পৰাণ ভ্ৰমণ কৰিছিল ৷
গান্ধীজী মতিহাৰিত উপস্থিত হোৱাৰ পাচতেই জচৌলিপট্টি নামৰ ঠাইত কৃষকৰ ওপৰত হোৱা আক্ৰমণৰ কথা শুনি, পুৱাতেই এটা হাতীৰ পিঠিত উঠি গাঁওখনলৈ যাত্ৰা কৰে ৷ যাত্ৰাপথত চন্দ্ৰাহিয়া গাঁৱত জিলা বিষয়া WB Haycock ৰ পৰা গান্ধীজীয়ে এখন জাননী লাভ কৰে ৷ য'ত গান্ধীজীক অতি শীঘ্ৰে চম্পৰাণ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ গান্ধীজীক গ্ৰেপ্তাৰ কৰাৰ পাচত এছ ডি অ' আদালতত হাজিৰ কৰোৱা হয় ৷