জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদৰ আঁৰত পাকিস্তানঃ লেফটেনেণ্ট জেনেৰেল
🎬 Watch Now: Feature Video
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পিচতে জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰা হয় অতিৰিক্ত নিৰাপত্তা বাহিনী ৷ ইয়াৰ মাজতে অমৰনাথ যাত্ৰাপথত শুকুৰবাৰে উদ্ধাৰ হয় পাকিস্তানত নিৰ্মিত এন্টি পাৰ্চনেল মাইনৰ লগতে আমেৰিকান স্নাইপাৰ ৰাইফল ৷ পৰৱৰ্তী সময়ত ৰাজ্যপাল সত্যপাল মালিকে অমৰনাথ যাত্ৰা স্থগিত ৰাখিবলৈ নিৰ্দেশনা দিয়াৰ লগতে সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্য আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলযোগে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসৰ আঁৰত পাকিস্তান প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা উল্লেখ কৰে সেনাৰ চিনাৰ কৰ্পছ কামাণ্ডাৰ লে. জেন. কেজেএছ ধিলনে ৷ ৰাজ্যখনত সংঘটিত হোৱা সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সকলোধৰণৰ কাম কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰি পাকিস্তান সেনাক এনেবোৰ কামৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশনা দিয়ে সেনা বিষয়াগৰাকীয়ে ৷