গান্ধীজীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে ETV BHARATৰ বিশেষ শ্ৰদ্ধাঞ্জলি - গান্ধী জয়ন্তী
🎬 Watch Now: Feature Video
সমগ্ৰ ভাৰতে বুধবাৰে উদযাপন কৰিব গান্ধী জয়ন্তী, 2 অক্টোবৰ মাথো গান্ধীজীৰ মানৱীয় সত্বাৰ প্ৰতি দেখুৱা সন্মানেই নহয়, এয়া গান্ধীজীৰ আৰ্দশক উদযাপন কৰা দিন ৷
সমগ্ৰ দেশে বুধবাৰে 'বাপু'ৰ 150 বছৰীয়া জন্মজয়ন্তী উদযাপন কৰিব ৷ ইটিভি ভাৰতেও গান্ধীজীৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ গান্ধীজীৰ প্ৰিয় এটি ভজন সকলো ভাৰতীয় ভাষাত মুকলি কৰিছে ৷
মানৱৰ দুখ-দুৰ্দশা বুজাৰ লগতে মানুহৰ প্ৰতি কৰা কোনো সহায়ৰ বাবে মনত অহং ভাব জাগিবলৈ নিদিয়াই , এই ভজনৰ অৰ্থ ৷
অনৈক্যৰ মাজত ঐক্যৰ দেশ ভাৰত, ইটিভি ভাৰতেও এই ভজন 13 ভাষাত দেশৰ নামত উৎসৰ্গা কৰিছে ৷ এই ভজনটি 15শ শতিকাতে গুজৰাটী কবি নৰসিং মেহতাই লিখি উলিয়াইছিল ৷
এই কবিতাটোত কবিয়ে, বৈঞ্চৱ নামৰ এজন ব্যক্তিৰ জীৱন আৰু মানৱ প্ৰেমৰ বৰ্ণনা কৰিছিল ৷
নৰসিং মেহতা যাক নৰসী ভগত বুলিও জনা গৈছিল তেঁও বিশ্ব বিখ্যাত ভক্তি আন্দোলনৰ এজন গুৰি ধৰোতা আছিল ৷
মহাত্মা গান্ধীয়ে গুজৰাটী কবি নৰসী ভগত, যাক গুজৰাটী সাহিত্যৰ আদি কবি বুলি কোৱা হয় তেঁওৰ সৰলতা, আধ্যাত্মিকতা আৰু ভীতিহীন জীৱন দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ৷
নৰসীৰ ভজন সমূহত সমাজৰ জাত-পাত আৰু শ্ৰেণী বিভাজন সমূহ আঁতৰাই আনন্দ আৰু ঐক্যবদ্ধ সমাজৰ ছবি ফুটি উঠিছিল ৷
এই ভজন গান্ধীজীৰ সবৰমতী আশ্ৰমত প্ৰতিদিনে সকলোৱে গোৱাৰ লগতে স্বাধীনতা সংগ্ৰামী সকলেও এই ভজন গাইছিল আৰু ইয়াৰ মানৱীয়তা, অহিংসা আৰু ভতৃত্ববোধৰ আদৰ্শৰে উদ্ধুধ হৈছিল ৷
ইটিভি ভাৰত, দেশৰ প্ৰথমটো বহুভাষিক মোৱাইল নিউজ এপ্লিকেছন ৷ ইটিভি ভাৰতে দেশৰ সকলো লোকৰ ভাষা, সংস্কৃতি, জীৱন-ধাৰণক তুলি ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ইটিভি ভাৰতৰ ডিজিটেল মঞ্চ মাথো নগৰ অথবা মহানগৰ কেন্দ্ৰিক নহয় ৷ ইটিভি ভাৰতে দেশৰ সকলো জনসাধাৰণৰ কণ্ঠক দাঙি ধৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইটিভি ভাৰতৰ এই চেষ্টাও নৰসিং মেহতাৰ আদৰ্শৰে অনুপ্ৰাণিত ৷
মানৱীয়তা আৰু সহনশীলতাৰ দৰ্শনৰে উদ্বুধ্ব হৈ ইটিভি ভাৰতে ভাৰতৰ শ্ৰেষ্ঠ সংগীত শিল্পী সকলক একেখন মঞ্চতে দাঙি ধৰাৰ প্ৰয়াস চলাইছে আৰু ইয়াৰ জড়িয়তে ভাৰতৰ বৈচিত্ৰতাকো তুলি ধৰাৰ চেষ্টা কৰিছে ৷
তামিল ভাষাত পি. উন্নিকৃঞ্চ, তেলেগুত এচপি বালা সুব্ৰমণিয়ম, কাণাডাত পি, বিজয় প্ৰকাশ, গুজৰাটীত য়গোশ গাধভাৰী, অসমীয়াত পুলক বেনাৰ্জী, মাৰাঠীত বৈশালী মাডে, মালায়ালমত কে এচ চিত্ৰা, পাঞ্জাৱীত শংকৰ সানে, বেংগলীত হেমন্তী শুক্লা, ওড়িয়াত সুবাশ চন্দ্ৰ দাস, হিন্দীত সানু লাল মিশ্ৰা আৰু চালমাত খানে কণ্ঠ নিগৰাইছে ৷
গীতটোৰ সংগীত নিৰ্দেশনা বিশিষ্ট সংগীত নিৰ্দেশক ৰাও চালুৰী আৰু পৰিচালনা অজিত নাগৰ ৷
গীতটিৰ দৃশ্যগ্ৰহণ দেশৰ প্ৰতিখন ৰাজ্যতে কৰা হৈছে ৷ ইয়াৰ দ্বাৰা আমাৰ দেশৰ অতুলনীয় আৰু ঐশ্বৰ্য্যশালী সংস্কৃতি আৰু পৰম্পৰাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷
Last Updated : Oct 2, 2019, 7:12 AM IST