ৰঙিয়াত দুলু আহমেদৰ বিস্ফোৰক মন্তব্য - অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 4, 2022, 7:06 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

"বিজেপিৰ বিসম্বাদী শিবিৰৰ এটা দলে অসম জাতীয় পৰিষদক পৌৰ নিৰ্বাচনত সহায় কৰিছে ৷ চিপৰাং মৰা ৰাজনীতি কৰি খোদ বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত বিজেপিৰ এটা দলে ভিতৰি ভিতৰি নিজৰ দলৰ প্ৰাৰ্থীকে হৰুৱাবলৈ উঠি পৰি লাগিছে ৷ এ আই ইউ ডি এফ দল বিজেপি দলৰ বি টিম ৷" শুক্ৰবাৰে ৰঙিয়াত এক সংবাদমেল আয়োজন কৰি এইবুলি মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি দুলু আহমেদে(AJP Press meet in Rangia) ৷ ইফালে কমলপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই জীৱিত অৱস্থাত থকা মুখ্যমন্ত্ৰীক ভূত বুলি কৈ অপমান কৰিছে বুলিও মন্তব্য কৰে কামৰূপ জিলা অসম জাতীয় পৰিষদৰ সভাপতি সঞ্জীৱ মহন্তই(AJP Vice President reacts against BJP) । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ভূতে বিৰোধীক খেদা বুলি মন্তব্য কৰিছিল বিধায়ক দিগন্ত কলিতাই ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.