কাজিৰঙাৰ উন্নয়নমূলক কামত অভিভূত অক্ষয় কুমাৰ - actor akshay kumar receives invitation to visit kaziranga
🎬 Watch Now: Feature Video

অক্ষয় কুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দান দিয়া এক কোটি টকাৰে কৰা কাম দেখি অভিভূত অভিনেতাগৰাকী (Akshay Kumar pleased to see construction in Kaziranga)। অসমৰ কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে এক কোটি টকা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ । এই এক কোটি টকাৰে কাজিৰঙা কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী উদ্ধাৰৰ অভিনেতাগৰাকীৰ প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই কৰিছে কেইবাটাও কাম । ২০১৯ চনৰ জুলাইত অভিনেতাগৰাকী প্ৰদান কৰা এক কোটি টকাৰ এই সাহায্যৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ লগতে ডংগা এণ্টি পচিং কেম্প, কৰাছিং এণ্টি পচিং কেম্প, বান্দৰডুবি পথ তথা হাইলেণ্ড, ফ্লোটিং কেম্প আৰু পটাহি ৱেটলেণ্ড নিৰ্মাণ কৰে । লগতে কাজিৰঙা উদ্যান কৰ্তৃপক্ষই অভিনেতা গৰাকীক টুইটযোগ নিমন্ত্ৰণ কৰাত সোনকালেই অভিনেতাগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে টুইটাৰত (Akshay Kumar invited to visit Kaziranga)।
Last Updated : Feb 3, 2023, 8:20 PM IST