যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত উদযাপন বিশ্ব বৃক্ক দিৱস - যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত উদযাপন বিশ্ব বৃক্ক দিৱস
🎬 Watch Now: Feature Video

প্ৰতিবছৰে 12 মাৰ্চত উদযাপন কৰা হয় বিশ্ব বৃক্ক দিৱস (World Kidney Day) ৷ ইয়াৰ উপলক্ষ্যে বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উদযাপন কৰা হয় বিশ্ব বৃক্ক দিৱস (World Kidney Day celebrate at JMCH) ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা বিশ্ব বৃক্ক দিৱসৰ কাৰ্যসূচীত কেইবাজনো জ্যেষ্ঠ চিকিৎসকে বৃক্ক ৰোগ আৰু ইয়াৰ সময়ত ল’বলগীয়া সাৱধানতা বিষয়ে মন্তব্য আগবঢ়ায় ৷ উক্ত সভাখনত ডাঃ পূৰ্ণিমা বৰুৱা, ডাঃ ৰঞ্জিত ভূঞা, ডাঃ দ্বীপজ্যোতি শইকীয়া, ডাঃ গণেশ বৰুৱা, ডাঃ সিদ্ধান্ত বৰুৱা, ডাঃ নিপুল কৰ্মকাৰ আৰু ডাঃ ৰণী বৰুৱা উপস্থিত থাকে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা পূৰ্ণিমা বৰুৱাই মহাবিদ্যালয়ৰ চৌহদত ৰোপন কৰে গছপুলি ৷
Last Updated : Feb 3, 2023, 8:19 PM IST